১৭ ডিচেম্বৰ,২০২৪- হতাশ হৈছে লুৰিণজ্যোতি গগৈ!
অজাপ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণক লৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ অব্যাহত আছে। বিগত লোকসভা নিৰ্বাচনৰ সময়তেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অজাপ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণক লৈ মন্তব্য কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অগ্ৰাহ্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিয়া একত্ৰীকৰণৰ প্ৰস্তাৱ। দুয়োটা আঞ্চলিত দলৰ একত্ৰীকৰণত আদৰ্শগত বিৰোধ আছে বুলি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰাৰ পিছতেই বিধায়ক অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক হতাশ হোৱা বুলি মন্তব্য কৰে। কিন্তু অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ নিদিলে লুৰিণজ্যোতি গগৈয়ে। অখিল গগৈক উদ্দেশ্যি পুনৰ মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে কৰি
একত্ৰীকৰণক লৈ লুৰিণ–অখিলৰ বাকযুদ্ধ আজিয়েই বাকযুদ্ধ সামৰিলে লুৰিণজ্যোতি গগৈয়ে। কিন্তু লুৰিণজ্যোতি গগৈয়ে প্ৰত্যুত্তৰ নিদিলেও অখিল গগৈক উভতি ধৰিছে অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। অখিলক কটাক্ষ কৰি চিত্তৰঞ্জন বসুমতাৰীৰ মন্তব্য লুৰিণজ্যোতি গগৈক হতাশ হোৱা নাই বৰঞ্চ অখিল গগৈয়েহে অধিক উত্তেজিত হৈছে।